সাপটগ্ৰাম ভেৰভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

139

সাপটগ্ৰাম ভেৰভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী তিনি চকীয়া অটো আৰু মটৰ চাইকেল মাজত সংঘৰ্ষ হয় আৰু আহত হয় এজনলোক।

সাপটগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত ভেৰভেৰীত সংগঠিত হৈছে এই পথ দুৰ্ঘটনাটো।

অটো আৰু বাইকৰ মাজত সংঘৰ্ষ হৈ সংগঠিত হয় এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনা হোৱা অটো গাড়ী খনৰ নম্বৰ হৈছে AS17B 8638, আৰু মটৰ চাইকেল খনৰ নম্বৰ AS 17 M 6753 বুলি জনা গৈছে।

দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় বাইক আৰোহীজন ।

বাইক আৰোহীজনক ততাতৈয়াকৈ সাপটগ্ৰাম অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও অবস্থা অধিক সংকট হোৱাত বঙাইগাঁও চিকিৎসালৈ প্ৰেৰণ কৰে।

আহত ব‍্যক্তিজনৰ অৱস্থা অতিকৈ সংকটজনক।

গুৰুতৰভাৱে আহত হোৱা ব‍্যক্তিজন সাপটগ্ৰামৰ শিলবাৰী গাওঁৰ আমিৰ আলীৰ পুত্ৰ আতানুৰ ৰহমান বুলি জানিব পৰা গৈছে।

ইতিমধ্যে সাপটগ্ৰাম আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।