কোৰোনা মহামাৰীৰ প্ৰকোপৰ মাজতে সাগৰীয় ঘূৰ্ণী বতাহ য়াছে এতিয়া সৃষ্টি কৰিছে আতংকৰ। ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা কৰা মতে, য়াছ নামৰ সাগৰীয় ধুমুহাজাকে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত প্ৰভাৱ পেলাব। ওড়িশা আৰু পশ্চিম বংগত ২৬ মে’ৰ বিয়লি এই ধুমুহাই খুন্দা মাৰিব বুলিও আশংকা কৰা হৈছে। যাৰ বাবে ৰাজ্য দুখনত ইতিমধ্যে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত পৰিব লগা এই ধুমুহাৰ প্ৰভাৱৰ প্ৰতি আশংকা কৰি ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতলৈ যাবলগীয়া ৬ খন আৰু দক্ষিণ ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ আহিবলগীয়া ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।
জানিব পৰা মতে, অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা বাতিল কৰা ৰে’ল কেইখন হৈছে ক্ৰমে- গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ।