ষ্টাফৰিপোৰ্টাৰ,২৬ এপ্ৰিল : দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত দেওবাৰে চতুৰ্থ বাৰৰবাবে মহানগৰীত কৰ্মৰত অৰ্ধ- শতাধিক সাংবাদিক – সংবাদকৰ্মীৰ মাজত অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ টোপলা বিতৰণ কৰা হ’য় । দিছপুৰ প্ৰেছ ক্লাবক এই খাদ্য – সামগ্ৰীৰ টোপালা সমুহ যোগান ধৰে ভেলুণ্টেৰী এছ’চিয়েছন ফৰ ছ’চিয়েল আপলিফ্টমেণ্ট ( ভি এ এছ ইউ)য়ে। উল্লেখ্য অসমৰ বিভিন্ন স্থানত কৰ্মৰত আৰ্থিক ভালে স্বচ্ছল নোহৱা সাংবাদিক – সংবাদকৰ্মীক সহায় কৰাৰ বাবে দল – সংগঠনক আগবাঢ়ি আহিবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাফা’ই জনোৱা আহ্বানৰ প্ৰতি বিভিন্ন জনে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।
