সাংবাদিক অৰ্ণৱ গোস্বাামীক আক্ৰমনৰ ঘটনাক নিন্দা

95



ষ্টাফৰিপোৰ্টাৰ, ২৩ এপ্ৰিল : দেশৰ আগশাৰীৰ টি ভি চেনেলৰ বিশিষ্ট সাংবাদিক, অসম সন্তান অৰ্ণৱ গোস্বামীক আক্ৰমনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জাৰ্ণেলিষ্ট এচোচিয়েশ্বন ফৰ আসাম ( জাফা ) আৰু দিছপুৰ প্ৰেছ ক্লাবে ।
সংগঠন দুটাৰ হৈ প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কয়- “যি সময়ত মহামাৰী কৰ’না ভাইৰাছ তথা কভিড -১৯ ৰ সংক্ৰমন প্ৰতিৰোধৰ উদেশ্যে চিকিৎসক, স্বাস্থ্য কৰ্মী , আৰক্ষীৰ লগতে দেশৰ সকলো সাংবাদিকে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰি চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেই সময়তে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অহা তথা যি কোনো বিষয় সাহসেৰে দেশৰ জনগণৰ সন্মুখত ডাঙি ধৰিবলৈ কুণ্ঠাবোধ নকৰা অৰ্ণৱ গোস্বামীৰ দৰে এজন সাংবাদিকক আক্ৰমন কৰাৰ ঘটনা দেশৰ সাংবাদিক সমাজৰ বাবে চৰম দূৰ্ভাগ্যজনক ।”