সাংবাদিকক ভাবুকি দিয়া পীয়ুষ হাজৰিকাক গৰিহণা বিশ্বনাথ জিলাৰ সাংবাদিক সন্থাৰ

75

সাংবাদিক নজৰুল ইছলাম, তুলসী মান্টাক প্ৰাণনাশৰ ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি আজি বিশ্বনাথ জিলা সাংবাদিক সন্থাই এখন প্ৰতিবাদী সভা আয়োজন কৰি বিজেপিৰ পীয়ুষ হাজৰিকাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে সাংবাদিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ দাবী জনায়। লগতে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ দায়িত্ব পালনত বাধা নিদিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি, পূৰ্বজ্যোতি চুতীয়াৰ সন্দেহজনক মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী কৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাই। বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞাই আঁত ধৰা আৰু জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰতিবাদী সভাত জেষ্ঠ সাংবাদিক বসন্ত বৰা, পুলক হাজৰিকা, অজিত দাস, জয়ন্ত বৰা, আমিৰ খান, বেদ উপাধ্যায় আদিকে কৰি বহুকেইজন সাংবাদিকে বক্তব্য আগবঢ়ায়। আজিৰ সভাৰ সৰ্বসন্মতি মৰ্মে সাংবাদিকসকলৰ সুৰক্ষাৰ দাবী জনাই বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।