সহকৰ্মী নাৰ্ছক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ মহানগৰীৰ জ্যেষ্ঠ চিকিৎসক

123

এইবাৰ এগৰাকী সহকৰ্মী নাৰ্ছৰ শ্লীলতা হানিৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল গুৱাহাটী ৰিফাইনেৰী হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ভাস্কৰ বৰুৱা।

কৰ্তব্যৰত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগত মহানগৰীৰ নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱা নামৰ লম্পট চিকিৎসকজনক।

জানিব পৰা মতে, গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী ৰিফাইনেৰী হাস্পতালত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল লম্পট চিকিৎসকজনে। এই নিৰ্লজ্জ কাণ্ড কৰিয়েই ধৰা পৰাৰ ভয়ত নিশাই পলায়ন কৰি আত্মগোপন কৰে চিকিৎসকজনে।

ইয়াৰ পাছতে, নুনমাটি আৰক্ষীয়ে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা এজন আত্মীয়ৰ ঘৰত আত্মগােপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱাক।

সম্প্ৰতি আৰক্ষীয়ে আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে চিকিৎসক ভাস্কৰ বৰুৱাক।