ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ চুকমাত চিআৰপিএফ শিবিৰত সংঘটিত হৈছে শোকাবহ ঘটনা। এজন সহকৰ্মীৰ গুলীত চিআৰপিএফ কেম্পটোৰ ৪ গৰাকী জোৱান নিহত হোৱাৰ লগতে ৩ গৰাকী জোৱান গুৰুতৰভাবে আহত হয়। ইফালে এই ঘটনাৰ পিছতে অভিযুক্ত চিআৰপিএফ জোৱানজনক গ্ৰেপ্তাৰ কৰা হয়। জোৱানজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
জানিব পৰা মতে, এই শোকাবহ ঘটনা ৰায়পুৰৰ পৰা ৪০০ কিলোমিটাৰ দূৰত চুকমা জিলাৰ মাৰেশগুড়া আৰক্ষী থানা অঞ্চলৰ লিংগামপল্লী গাঁৱত চিআৰপিএফৰ ৫০ তম বেটেলিয়ন শিবিৰত সংঘটিত হয়। কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ সূত্ৰ অনুসৰি, জোৱানসকলে কৰ্তব্যত যোগদান কৰিবলৈ সাজু হোৱাৰ সময়ত পুৱা প্ৰায় ৩.৩০ বজাত এটা শিবিৰৰ পৰা গুলীচালনা কৰা হৈছিল। জোৱানসকলে লগে লগে তালৈ গৈ দেখিলে যে অভিযুক্ত জোৱানজন হাতত একে-৪৭ লৈ থিয় হৈ আছে আৰু ৭ জন জোৱান তেজৰে তুমুৰলি মাটিত পৰি আছে। ইয়াৰ পিছতে আহত জোৱান কেইজনক চিকিত্সালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে চাৰিজন জোৱানক মৃত বুলি ঘোষণা কৰে। আনহাতে চিকিৎসালয়ৰ সূত্ৰই সদৰী কৰা মতে বাকী তিনিজন জোৱানৰ অৱস্থাও বৰ্তমান সংকটজনক।