দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে নামাংকৃত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অসম চৰকাৰে ৰাজীৱ গান্ধীৰ নাম আঁতৰ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সোঁৱৰণত নামাকৰণ হোৱা ৰাষ্ট্ৰীয় উদ্যানখন এতিয়াৰে পৰা কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিচিত হ’ব।
ইফালে অসম চৰকাৰৰ এই সিদ্ধান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতি অপমানজনক বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত সাংসদ গৰাকীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি কয় যে চৰকাৰে কেৱল নাম সলনি কৰিবহে জানে। নতুনকৈ স্থাপন কৰিব নাজানে। দেশৰ মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা জনাই নামাকৰণ কৰা হোৱা প্ৰতিষ্ঠানবোৰৰ নাম সলনি কৰি তেনে মহান ব্যক্তিসকলক চৰকাৰে অপমানহে কৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।
