সম্প্ৰীতিৰ দেশ ভাৰতঃ মন্দিৰলৈ যোৱাৰ বাবে নাছিল পথ, মছজিদ কমিটীয়ে দিলে ভূমি…

80

ডিজিটেল ডেস্কঃ এইখন সম্প্ৰীতিৰ দেশ। এই দেশৰ মাটিত থিয় হৈ একেলগে শুনা যায় মন্দিৰৰ ঘণ্টাধ্বনি আৰু মছজিদৰ নামাজ। এই দেশৰ সম্প্ৰীতিত কোনো স্বাৰ্থলোভীয়ে আঁচোৰ পেলাব বিচাৰিলেও কেতিয়াও সফল নহয়।

সম্প্ৰীতিৰ এই অনন্য নিদৰ্শন দাঙি ধৰিলে কেৰালাৰ মালাপ্পুৰমৰ মুঠুৱালুৰ ৰাইজে। অঞ্চলটোত থকা এটা ঐতিহাসিক মন্দিৰলৈ যোৱাৰ বাবে নাছিল পথ। দীৰ্ঘ সময় ধৰি পথৰ বাবে মুচিঠাদম ভগবতী মন্দিৰলৈ আগমণ ঘটা নাছিল ভক্তই। কিন্তু অৱশেষত সেই সমস্যা দূৰ কৰিলে মছজিদ সমিতিয়ে।

মন্দিৰৰ আশে পাশে থকা ভূমি মছজিদ কমিটীৰ হোৱা বাবেই ৰাস্তাৰ সমস্যাই দেখা দিছিল মন্দিৰলৈ যাবলৈ। কিন্তু মছজিদ কমিটীয়ে শেষত সিদ্ধান্ত লয় যে মন্দিৰলৈ যোৱাৰ বাবে পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিব। কথা মতেই মছজিদৰ ভূমি দান কৰি ইছলামধৰ্মী সমাজে নিৰ্মাণ কৰি দিয়ে মন্দিৰলৈ যোৱা পথটোৰ।

কেৰালাৰ এই সৰু অঞ্চলটোৰ দুই ধৰ্মৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰীডাল এতিয়া অন্য বিভেদকামী সকলৰ বাবেও উচিত শিক্ষা হিচাপে বিবেচিত হোৱা উচিত। যিসকলে ধৰ্মৰ মাজত বিভাজন আনি ৰাজনীতি কৰি আহিছে, সেইসকলে এনে হিন্দু-মুছলিমৰ ঐক্যতাক এবাৰ উপলব্ধি কৰা উচিত বুলিও এতিয়া মন্তব্য কৰিছে বিভিন্নজনে।