সমাজ কৰ্মী বিজয় ৰাজবংশীৰ সাহৰ্য বিতৰণ

66

ষ্টাফ ৰিপোৰ্টাৰ : কৰ’না ভাইৰাছে বিশ্ববাসীৰ মাজত আতংক সৃষ্টি কৰাৰ পৰিপেক্ষিতত সমগ্ৰ দেশত প্ৰযোজ্য হৈ থকা লকডাউনে শ্ৰমজীৱী মানুহক যঠেষ্ট ক্ষতি কৰিছে ৷ যাৰ বাবে এচাম দৰিদ্ৰ পৰিয়ালে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ এই ক্ষেত্ৰত বিৰুবাৰীৰ যুৱ ব্যৱসায় তথা সমাজ কৰ্মী বিজয় ৰাজবংশীয়ে সমান্য সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ শনিবাৰে মহানগৰীৰ ৰুপনগৰ’ বিৰুবাৰী’ অন্চলৰ প্ৰায় দুই শতাধিক শ্ৰমজীৱী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ যুৱ ব্যৱসায়ী ৰাজবংশীয়ে দৰিদ্ৰ পৰিয়াল সকলৰ মাজত চাউল’ দাইল’ নিমখ’ আলুৰ লগতে অন্যান্য সামগ্ৰী বিতৰন কৰি মহানুভৱতাৰ পৰিচয় দিয়ে ৷