বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ৷ প্ৰধান বিৰোধী দলসমূহৰ লগতে শাসকীয় দল বিজেপি চৰকাৰ উৎখাত কৰিবলৈ বদ্ধ পৰিকৰ ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেছনেল দলো। সমাগত বিধান সভা নিৰ্বাচনত দলটোৰ স্থিতি ব্যক্ত কৰাৰ লক্ষ্যৰে আজি ৰঙিয়াত সংবাদ মেল অনুষ্ঠিত কৰা হয়। ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ভৰত গান্ধীয়ে অংশগ্ৰহণ কৰি বিজেপি দলৰ ক্ষুৰধাৰ সমালোচনা কৰে। ৰাজ্যৰ শাসনৰ পৰা বিজেপি দলক প্ৰতিহত কৰিবলৈ প্ৰয়োজন সাপেক্ষে মিত্ৰজোঁটৰ সৈতে চামিল হ’বলৈ ভি পি আই দল প্ৰস্তুত বুলিও সদৰী কৰে গান্ধীয়ে। ৰাজ্যিক সভাপতি ললিত পেগুৱে সম্বোধন কৰা সংবাদ মেলত ভিন্ন প্ৰান্তৰ পৰা সমবেত কেইবা শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত দলটোৰ মিডিয়া সচিব পবিত্ৰ বড়োৰ লগতে ৰাজ্যিক নেত্ৰী ববিতা শৰ্মা গ’য়েলেও অংশগ্ৰহণ কৰে।