সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ।
সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ত কৃষক মুক্তিৰ প্ৰতিবাদ। খিলঞ্জীয়াৰ আধিপত্য থকা লাহোৱাল সমষ্টিক নিৰ্বাচন আয়োগে বিলুপ্তকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গিত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অন্যহাতে নিৰ্বাচন আয়োগে লাহোৱাল সমষ্টি বিলুপ্তি ঘটাই হঠকাৰী সিদ্ধান্ত লোৱাৰ অভিযোগ। এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। অন্যহাতে এই প্ৰতিবাদী কাৰ্যসূচীত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দাবী উত্থাপন কৰে। যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পদত্যাগৰো দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
