সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ

202

সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ ।
বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত বিলাসীপাৰা জিলা AIUDF ৰ ।
বিলাসীপাৰা পুব আৰু পশ্চিম বিধান সভা সমষ্টি বিলুপ্তি ঘটোৱা কাৰ্যত জাঙুৰ খাই উঠিছে AIUDF ৰ নেতা কৰ্মী সকলে ।
বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত AIUDF ৰ শ শ নেতা কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
প্ৰতিবাদী কাৰ্যসূচীত পুব বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদাও অংশ গ্ৰহণ কৰে ।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টি দুটা বাহাল ৰখাৰ বাবে নিৰ্বাচনী আয়োগক দাবী জনায় ।
সমষ্টি দুটা বাহাল ৰখাৰ দাবীত মহকুমাধিপতিৰ জড়িয়তে নিৰ্বাচন আয়োগ লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
অন্যথা ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে নিৰ্বাচন আয়োগৰ লগতে চৰকাৰক ।