সন্মুখত বিহাৰ বিধানসভা নিৰ্বাচনঃ আজি অনুষ্ঠিত হ’ব বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক

82

ডিজিটেল ডেস্কঃ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনক লৈ আজি বিজেপি নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। খবৰ অনুসৰি এই বৈঠকতে এনডিএ সহযোগী দলৰ সৈতে আসনৰ ভাগ বতোৱাৰা কৰা হ’ব। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএ সহযোগী দল তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেডক ১২২ খন আসন প্ৰদান কৰা হ’ব পাৰে। জেডিইউৰ আসনতে জীতন ৰাম মাঝীৰ হম পাৰ্টীকো অন্তৰ্ভূক্ত কৰা হ’ব।

ইফালে প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিয়ে ১২১ আসন নিজৰ হাতত ৰাখিব। অৱশ্যে যগি চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী এনডিএত চামিল হয়, তেন্তে বিজেপিৰ আসনৰ পৰাই লেজেপিকো আসন প্ৰদান কৰা হ’ব বুলি ইতিমধ্যে এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, এলজেপিৰ অধ্যক্ষ চিৰাগ পাছৱানে কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাক সাক্ষাৎ কৰি আসন সন্দৰ্ভত আলোচনা কৰিছিল। কিন্তু এনডিএয়ে এলজেপিক প্ৰতিদ্বন্দ্বিতাৰ বাবে সন্তোষজনক আসন প্ৰদান কৰিব নিবিচৰাত এলজেপিয়ে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিষয়েও চৰ্চা চলিছিল। ২৪৩ খন আসনৰ বাবে এলজেপিয়ে যদি অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেন্তে চিৰাগ পাছৱান মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলিও দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই সদৰী কৰিছিল।