সন্তান জন্ম দিলেই পাব টকা

55

এটা বা দুটা নহয় ৩টাকৈ সন্তান জন্ম দিলে পাব ৫০ হাজাৰকৈ টকা, দিব বিশেষ সন্মান! কোনে ল’লে এই সিদ্ধান্ত?এফালে বৰ্ধিত জনসংখ্যাক লৈ চিন্তিত চৰকাৰ, আনহাতে ভূপালৰ মহেশ্বৰী সম্প্ৰদায়ে লৈছে এক ব্যতিক্ৰমী সিদ্ধান্ত। সমাজখনে কয় যে কোনো দম্পতীয়ে যদি দুটাৰ পিছত তৃতীয়টো সন্তান জন্ম দিয়ে, তেওঁলোকক সমাজৰ পৰা ৫০ হাজাৰ টকা দিয়া হ’ব।কিষাণগড়ত শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত সৰ্বভাৰতীয় মহেশ্বৰী মহাসভাই এই সিদ্ধান্ত লৈছে। অখিল ভাৰতবৰ্ষীয় মহেশ্বৰী মহাসভাৰ কাৰ্যকৰী সমিতিৰ সদস্য ৰমেশ মহেশ্বৰীয়ে কয় যে তৃতীয় সন্তান থকা স্বামী-স্ত্ৰীক কেৱল FD প্ৰদান কৰাই নহয়, এক বিশেষ সন্মানো প্ৰদান কৰা হ’ব। সম্প্ৰদায়টোক বিশেষ অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰোৱা হ’ব লগতে মঞ্চত এক বিশেষ ঠাই দিয়া হ’ব।