ষ্টাফৰিপোৰ্টাৰ, ৪ এপ্ৰিল :: সদৌ অসম ভিত্তিত প্ৰাইজমাণি চুটি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ যোগদানৰ সময়সীমা ৩০ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে বয়সৰ কোনো নিৰ্ধাৰিত সময়সীমা নাই । অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গল্পকাৰে স্ব-ৰচিত গল্পৰ প্ৰতিলিপি নিজৰ নাম ঠিকনা আৰু ফোন নং সহ প্ৰেৰণ কৰিব লাগিব।শ্ৰেষ্ঠ তিনি গৰাকী গল্পকাৰক প্ৰথম, দ্বিতীয়, তৃতীয় আৰু পাচঁজনক নিচুঁকণি বঁটাৰ পুৰস্কৃত কৰা হ’ব।নিৰ্বাচিত গল্পসমূহৰ এটি সংকলন প্ৰকাশ কৰা হব।
পুৰস্কাৰ সমূহ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া দাক্ষায়িনী সাংস্কৃতিক গোষ্ঠীৰ চতুৰ্দশ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হব। লক ডাউনৰ সময়খিনি সদ্বব্যৱহাৰ কৰি নিজৰ সুপ্ত প্ৰতিভাৰাজি বিকশাই তোলোৰ বাবে উদ্যোক্তা সকলে এই প্ৰচেষ্টা হাতত লৈছে। নৃ গোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ (চি ই এছ আৰ) ৰ হৈ
ড° দীপেন দাসে id:deepand600@gmail.com ,ত ই মেইলত অথবা ৯৭০৭৫৯১৫৭০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।