সদৌ অসম দেৱালয় সঙ্ঘৰ ভক্তসকলক সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ

134

সদৌ অসম দেৱালয় সঙ্ঘৰ সভাপতি আৰু প্ৰধান সম্পাদক ক্ৰমে সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু কৈলাশ শৰ্মাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ৮ জুনৰ পৰা মা কামাখ্যাৰ বাহিৰে(উল্লেখযোগ্য যে কামাখ্যা দেৱালয় পৰিচালনা সমি তিয়ে অহা ৩০জুনলৈ কামাখ্যা বন্ধ থাকিব বুলি ঘোষনা কৰিছে) ৰাজ্যখনৰ অন্যান্য দেৱ-দেৱালয় মঠ-মন্দিৰ আদি ভক্তবৃন্দৰ বাবে চৰকাৰী নীতি নিয়ম অনুসৰি খোলাৰ বাবে অনুমতি প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা কৰ্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে দেৱালয় সঙ্ঘৰ অন্তৰ্গত দেৱালয় পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলক প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলাৰ বাবে আহ্বান জনাই কয় “প্ৰায় ৭৫ দিনৰ পাছত খোল খাব লগীয়া দেৱ-দেৱালয় সমূহৰ পুৰোহিত,আঠপৰীয়া,মালি,যোগালী,চাফাইকৰ্মী আৰু অন্যান্য কৰ্ম চাৰী সকলে কিছুহলেওঁ‌ বৰ্তমান চলি থকা ভয়াবহ আৰ্থিক সমস্যা ৰ পৰা সকাহ পাব বুলি ভট্টাচাৰ্য্য আৰু শৰ্মাই ঘোষণা কৰে।লগতে ভক্তসকলক সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ জনায়।