সদনত সৰৱ সাংসদ আব্দুল খালেক, বিজেপি চৰকাৰক তুলাধূনা

120

গৰুখুঁটি, অসম-মিজোৰাম সীমা সংঘাতক লৈ লোকসভাৰ মজিয়াত সৰৱ হৈ পৰিল সাংসদ আব্দুল খালেক। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাকো ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে।

ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত বক্তব্য প্ৰদান কৰি কংগ্ৰেছৰ সাংসদ গৰাকীয়ে উত্থাপন কৰে গৰুখুটি, নাগৰিকত্ব সংশোধনী আইন, এনআৰচি, অসম-মিজোৰাম সীমা বিবাদ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰনৰ বিষয়।

সাংসদ গৰাকীয়ে গৰুখুটিৰ কথা উল্লেখ কৰি কয় যে, দুজনকৈ নিৰীহ লোকক আৰক্ষী বাহিনীয়ে হত্যা কৰাৰ পিছত মৃতদেহৰ ওপৰত নৃত্য কৰা দেখা গল। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এয়া প্ৰতিশোধমূলকভাৱে কৰা হোৱা মন্তব্য কৰে। সাংসদ আব্দুল খালেকে এই ঘটনাৰ তদন্ত দাবী কৰে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ দিছপুৰ থানাত দাখিল কৰা এজাহাৰ কিয় পঞ্জীয়ন কৰা হোৱা নাই সেয়াও প্ৰশ্ন কৰে।

ইফালে অসম-মিজোৰাম সীমা বিবাদৰ সময়ত ৭ গৰাকীকৈ অসম আৰক্ষী জোৱানে প্ৰাণ বলিদান দিবলগীয়া হোৱা বিষয়টো উত্থাপন কৰি আব্দুল খালেকে কয় যে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যত এনডিএ চৰকাৰ থকাৰ পিছতো কিদৰে এনে ঘটনা সংঘটিত হবলৈ তাৰ তদন্ত হোৱা উচিত। আনহাতে ৰাষ্ট্ৰপতিৰ অবিভাষণত এই বিষয়টো উত্থাপন নকৰাকলৈও আপত্তি দৰ্শায় সাংসদ গৰাকীয়ে।

অসম আৰু কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতি কৰণৰ প্ৰতিশ্ৰুতি কিয় পূৰণ কৰা নাই বুলিও সংসদৰ মজিয়াত প্ৰশ্ন কৰে খালেকে।

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসঙ্গ উল্লেখ কৰি আব্দুল খালেকে ৫ শ্বহীদক স্মৰণ কৰে। তেওঁ প্ৰশ্ন কৰে যে যদি নাগৰিকত্ব সংশোধনী আইন ইমানেই ভাল তেন্তে বিটিআৰ আৰু কাৰ্বি আংলং, ডিমা হাছাওত এই আইন কিয় আৰোপ কৰা হোৱা নাই?

সেইদৰে এনআৰচিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দুমুখীয়া স্থিতি সন্দৰ্ভতো স্পষ্টীকৰণ বিচাৰে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে। অসম চুক্তি ৰূপায়ন সন্দৰ্ভতো তেওঁ সদনৰ মজিয়াত সৰৱ হৈ পৰা পৰিলক্ষিত হয়।