সজাগতা সৃষ্টিৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণৰ হকে কাম কৰি আছে চৰকাৰেঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

202

গুৱাহাটীঃ নিয়ম জাপি দিয়াতকৈ সজাগতা সৃষ্টি কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ দিশত কাম কৰি থকা বুলি সোমবাৰে অসম চৰকাৰে প্ৰকাশ কৰে।

এই ক্ষেত্ৰত মহিলাৰ শিক্ষা আৰু সবলীকৰণ এক গুৰুত্বপূৰ্ণ আহিলা বুলি বিধানসভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়।

বিজেপিৰ বিধায়ক হেমাংগা ঠাকুৰীয়াই সদনত উত্থাপন কৰা জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ বিষয়টোৰ উত্তৰত মহন্তই কয় যে ৰাজ্য চৰকাৰে ২০১৭ চনত অসমৰ জনসংখ্যা আৰু মহিলা সবলীকৰণ নীতি লৈ ওলাই আহিছে, য’ত বিষয়টোৰ ওপৰত আলোচনা কৰা হৈছে।

তেওঁ কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি-নিয়মৰ বাবেও ব্যাপক আলোচনাৰ জৰিয়তে আইন প্ৰণয়ন কৰা হৈছে।

পঞ্চায়ত নিৰ্বাচনী প্ৰাৰ্থীৰ বাবে পৰিয়ালৰ আকাৰ নিৰ্ধাৰণ কৰাকে ধৰি দুটা সন্তানৰ নীতি মানি চলা কৰ্মচাৰীসকলৰ বাবে বিভিন্ন চৰকাৰী বিভাগে প্ৰদান কৰা বিভিন্ন নিৰ্দেশনা আৰু প্ৰৰোচনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মহন্তই কয় যে মহিলাৰ সাক্ষৰতাৰ হাৰ কম থকা অঞ্চলত বিশেষকৈ চৰ (নদীৰ পাৰৰ) অঞ্চলত জনসংখ্যা বৃদ্ধি অধিক হোৱাটো পৰ্যবেক্ষণ কৰা হৈছে।

সেই হিচাপে চৰকাৰে এনে ক্ষেত্ৰত সাক্ষৰতা আৰু সজাগতা বৃদ্ধিৰ বাবে কাম কৰি আছে বুলিও তেওঁ লগতে কয়।

‘আমাৰ চৰকাৰে মানুহৰ ওপৰত জাপি দিব নিবিচাৰে, কিন্তু আমি সজাগতা সৃষ্টি কৰিব বিচাৰো। মহিলা সবলীকৰণ আমাৰ নীতিৰ ভিত্তি আৰু আমি মানুহৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছো।’-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

বিজেপিৰ বিধায়ক ঠাকুৰিয়াই বিষয়টো উত্থাপন কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

তেওঁ দাবী কৰে যে কেইবাখনো জিলাত অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ সাক্ষী হৈ আছে আৰু ইয়াৰ ফলত ভৱিষ্যতে অসমৰ দৰে এখন ৰাজ্যৰ বাবে খাদ্য সুৰক্ষাৰ বিষয়কে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব৷