সকাহ নাপালে ছিছ’দিয়াই! প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ পুনৰ জামিন আবেদন খাৰিজ দিল্লীৰ আদালতৰ

116

দিল্লী আবকাৰী নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতৰ পৰা সকাহ পোৱা নাই আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। আদালতে তেওঁৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।

আদালতে এই গোচৰৰ বিতং শুনানি গ্ৰহণ কৰি কয় যে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়াও বহু নথি-পত্ৰ ইডিয়ে দাখিল কৰিবলৈ বাকী আছে। ইফালে আদালতে অধিবক্তাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ২০৭ চি আৰ পি চিৰ মানি চলাৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয় যাতে শুনানি আৰম্ভ হ’ব পাৰে। ইয়াৰ উপৰিও আদালতে ইডিক জাননী জাৰি কৰি বিনয় বাবুৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত যুক্তিৰ বাবে ২৪ নৱেম্বৰ নিৰ্ধাৰণ কৰে।

ইয়াৰ পূৰ্বে মনীষ চিছ’দিয়াই উচ্চতম ন্যায়ালয়ৰো কাষ চাপিছিল যদিও তাৰ পৰাও তেওঁ সকাহ নাপালে। তেওঁৰ জামিন আবেদন সন্দৰ্ভত মন্তব্য কৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে তদন্তকাৰী সংস্থাটোৱে ৩৩৮ কোটি টকাৰ লেনদেন স্থাপন কৰিবলৈ সক্ষম হোৱা নাই, সেয়েহে মনীষ ছিছ’দিয়াক জামিন প্ৰদান কৰিব নোৱাৰি। আদালতে লগতে কয় যে যদিহে নিম্ন আদালতত গোচৰটো ৬ মাহৰ ভিতৰত সমাপ্ত নহয়, তেন্তে ছিছ’দিয়াই পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব।

কথিত সুৰা কেলেংকাৰিৰ অভিযোগৰ সময়ত দিল্লীৰ আবকাৰী মন্ত্ৰী আছিল মনীষ ছিছ’দিয়া। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। পিছত বলবৎকাৰী সঞ্চালকালয়েও ধন সৰবৰাহৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। দুয়োটা গোচৰতে নিম্ন ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছে। নিম্ন আদালতে আবকাৰী নীতি সলনি কৰি এই কেলেংকাৰীত মুখ্য ভূমিকা গ্ৰহণ কৰা বুলি কৈছিল। দিল্লী উচ্চ ন্যায়ালয়েও চিছ’দিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগক গুৰুতৰ বুলি বিবেচনা কৰি জামিন অস্বীকাৰ কৰিছিল।