দেশত এতিয়া উৎসৱমুখৰ পৰিবেশ। তাৰ মাজতে সকাহ দিছে কোভিড সংক্ৰমণে। দেওবাৰে কোৰোনাৰ সংক্ৰমণ দেশত ২০০০০-ৰ তললৈ হ্ৰাস পাইছে। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যাও ২০৮ দিনৰ পিছত সৰ্বনিম্নলৈ হ্ৰাস পাইছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৮,১৬৬ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে আৰু ২১৪ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে, এই সময়ছোৱাত ২৩,৬২৪ জন লোক আৰোগ্য হৈছে। আটাইতকৈ ডাঙৰ সকাহ হ’ল যে ভাৰতত এতিয়া ২,৩০,৯৭১ জন সক্ৰিয় কোৰোনা ৰোগী আছে, যি ২০৮ দিনত সৰ্বনিম্ন। দেশত আৰোগ্য লাভৰ হাৰ হৈছে ৯৭.৯৯ শতাংশ।
ইফালে ভাৰতত কোৰোনাৰ বিৰুদ্ধে টিকাকৰণ অভিযান অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত এতিয়ালৈকে মুঠ টিকাকৰণৰ সংখ্যা ৯৪,৭০,১০,১৭৫ লৈ বৃদ্ধি পাইছে।
