সকলো কাৰ্যসূচী বাতিল কৰি ডিব্রুগড়ৰ পৰা আহি আছিল মুখ্যমন্ত্ৰী সোনোৱাল, কিন্তু তাৰ পূৰ্বেই জীৱন নাট সামৰিলে তৰুণ গগৈয়ে…

59

গুৱাহাটী: অন্ত পৰিল এগৰাকী মহান ৰাজনীতিবিদৰ জীৱনৰ। আজি সন্ধিয়া ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে। ইফালে তৰুণ গগৈৰ স্বাস্থ্য অধিক জটিল হোৱাৰ পিছতে সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কিন্তু হাস্পতাল পোৱাৰ আগেয়ে মহাপ্ৰয়ান ঘটে তৰুণ গগৈ।

গগৈৰ বিয়োগৰ বাতৰি প্ৰকাশৰ পিছতে শোকত ভাগি পৰিছে সমগ্ৰ ৰাজ্য। তেওঁৰ নশ্বৰ দেহ এতিয়া দিছ্পুৰৰ বাসগৃহলৈ নিয়া হব। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব তৰুণ গগৈৰ।

ডিব্ৰুগড়ত সোমবাৰে কাৰ্যসূচী সমূহ বাতিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ডিব্ৰুগড়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাষলৈ আহিব তেওঁ।