সকলোকে কন্দুৱাই গুচি গল ঋতুমণি…

95

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ঋতুমণি হাজৰিকা। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা শিৱসাগৰৰ হাঁহচৰাৰ মেধাবী ছাত্ৰীগৰাকীয়ে যেন নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হল। লাহে লাহে সুস্থ হৈ উঠা ঋতুমণিৰ আকস্মিক মৃত্যুৰ বাতৰি যেন কোনেও মানি লব বিচৰা নাই!

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ প্ৰচেষ্টাত ঋতুমণিক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱাই চিকিৎসা চলাই থকা হৈছিল। চিকিৎসক-নাৰ্ছৰ অশেষ প্ৰয়াস আৰু সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনাৰ বলত লাহে লাহে সুস্থও হৈ উঠিছিল তেওঁ। নিজেই বহিব পৰা হৈছিল, অলপ অলপকৈ খোজো কাঢ়িছিল।

কিছু সুস্থ হোৱাৰ পিছতে সাংসদ তপন কুমাৰ গগৈৰ প্ৰচেষ্টাত উন্নত চিকিৎসাৰ বাবে চেন্নাইস্থিত এপল’ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঋতুমণিক। চেন্নাইত চলা চিকিৎসাৰ অন্তত সুস্থ হৈ তেওঁ পুনৰ ঘৰলৈ উভতে। তাৰ পিছত এটা বেজী লবৰ বাবে দুদিন পূৰ্বে ঋতুমণিক পুনৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।

কিন্তু মঙ্গলবাৰে নিশাৰে পৰা ঋতুমণিৰ অত্যধিক বমি হোৱাত পুনৰ দুৰ্বল হৈ তেওঁ। বুধবাৰে তেওঁক প্ৰদান কৰিবলগা বেজীটো দিয়াৰ পূৰ্বেই সকলোকে কন্দুৱাই জীৱনৰ পৰা বিদায় মাগে ঋতুমনিয়ে। ঋতুমণিৰ অকাল মৃত্যুত আজি সমগ্ৰ অসম উচুপি উঠিছে।