সংস্কৃত শিক্ষা আৰু ইউৰোপীয় পাণ্ডিত্যৰ সেতু বান্ধিছিল কৃষ্ণকান্ত সন্দিকৈয়ে: ভাৰততত্ত্ববিদ ছেৰ্গেই ছেৰিব্ৰিয়ানী

114


গুৱাহাটী: ‘পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আছিল দেশৰ পৰম্পৰাগত সংস্কৃত শিক্ষা আৰু আধুনিক ইউৰোপীয় পাণ্ডিত্যৰ মাজত সেতুস্বৰূপ। বাৰ্লিন আৰু পেৰিছত যোৱাটো শতিকাৰ বিশৰ দশকত কটোৱা সময়ছোৱাত তেওঁ ৰুছ ভাষা-সাহিত্যৰ সংস্পৰ্শলৈ আহে। এই ক্ষেত্ৰত পণ্ডিতজনা সম্ভৱতঃ মহম্মদ ৰাকাতুল্লাহ, বীৰেন্দ্ৰ চট্টোপাধ্যায় আৰু হাছান শ্বাহিদ সুহৰাবৰ্দী- এই তিনিজনা ব্যক্তিৰ সান্নিধ্যৰ দ্বাৰা উপকৃত হৈছিল৷’ – এই ভাষ্য ভাৰততত্ত্ববিদ অধ্যাপক ছেৰ্গেই ডিমিট্ৰিভিছ ছেৰিব্ৰিয়ানীৰ। ২০ জুলাই, সোমবাৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আয়োজন কৰা ষষ্ঠ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতা প্ৰদান কৰে অধ্যাপক ছেৰিব্ৰিয়ানীৰয়ে৷