সংবাদ মাধ্যমৰ সন্মুখত নিজে ‘কমেডি’ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাকে সজালে ৰাজনীতিৰ জনী লিভাৰ, কপিল শৰ্মা

92

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক অসমৰ ৰাজনৈতিক জগতৰ জনী লিভাৰ আখ্যা দি নিজেই বাৰে ভচহু কথাৰে ভূপেন বৰাক চিৰিয়াছ ৰাজনীতিৰ নীতিপাঠ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই।

চিৰিয়াছ ৰাজনীতিবিদ কাক কয় তাৰ সংজ্ঞা দাঙি ধৰি মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ এবাৰ আৰম্ভ কৰিলে বোকা চটিওৱাৰ ৰাজনীতি।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতিত উত্থান ঘটিছে কবিতা বিতৰ্কৰ। এপিচিচিৰ সভাপতি ভূপেন বৰাই এটা স্বৰচিত কবিতা পাঠ কৰি চৰকাৰক সমালোচনা কৰাৰ পিছতে ৰাজ্যত কবি, কবিতা আৰু ৰাজনীতি একাকাৰ হৈ পৰিছে।

বিশেষকৈ অসম চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত আক্ৰমণৰ লক্ষ্য কৰি আহিছে ভূপেন বৰা আৰু কংগ্রেছক।

বুধবাৰে মন্ত্ৰীজনে পুনৰ এবাৰ ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ এইবাৰ তেওঁক অসমৰ ৰাজনীতিৰ জনী লিভাৰ বুলি কটাক্ষ কৰিছিল।

কিন্তু তাৰ এদিন পিছতে অৰ্থাৎ বৃহস্পতিবাৰে ভূপেন শৰ্মাক ৰাজিনিতৰ কপিল শৰ্মা বুলি সমালোচনা মন্ত্ৰীজনৰ।

ভূপেন বৰা চিৰিয়াছ ৰাজনীতিবিদ নহয় বুলি মন্তব্য কৰি তথাকথিত “চিৰিয়াছ” মন্ত্ৰী পীযুষ হাজৰিকাই আগবঢ়ালে চিৰিয়াছ ৰাজনীতিবিদৰ সংজ্ঞা।

তেওঁ কয়, “ভূপেন বৰা চিৰিয়াছ পলিটিছিয়ান হোৱা হলে মানুহৰ মাজলৈ গ’ল হেতেন, চিৰিয়াছ আলোচনা কৰিলেহেঁতেন, চিৰিয়াছ ভাষণ দিলেহেঁতেন আৰু অসম ঘূৰি ৰাইজৰ বুজ ল’লেহেঁতেন। কিন্তু তাকে নকৰি কবিতাহে লিখিছে।”

কোনো কাম নথকা কবিয়েতো ৫ মিনিটত কবিতা এটা লিখি দিব পাৰে বুলি মন্তব্য কৰি ভূপেন বৰাক অকবিও সজালে পীযুষ হাজৰিকাই।

ভূপেন বৰা এতিয়া ৰাজনীতি কৰা মানুহ নহয় বুলি কয় মন্ত্ৰীজনে। তেওঁৰ মতে, আগন্তক লোকসভা নিৰ্বাচনলৈকে সকলো নিৰ্বাচনতে বিজেপিয়ে জয়লাভ কৰিব। আৰু তাৰ পিছত পৰাজয়ৰ ব্যৰ্থতাৰ বাবে কংগ্ৰেছে অপসাৰণ কৰিব ভূপেন বৰাক। তিনিটা নিৰ্বাচনত পৰাজয় বৰণ কৰা ভূপেন বৰা ইতিমধ্যেই এজন ব্যৰ্থ ৰাজনীতিবিদ বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত নিজেই খুহুতিয়া কাট মৰা কথা কৈ এপিচিচিৰ সভাপতি ভূপেন বৰাক কমেডিয়ান আখ্যা দিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ কাণ্ডইহে এতিয়া হাস্যৰস প্ৰদান কৰিছে সাধাৰণ জনতাক।