#সংঘাতনহয়সমন্বয়ৰমাজেৰেহেউন্নয়ন_সম্ভৱ
পূৰ্বতে বহুত চৰকাৰ দেখিলোঁ, কিন্তু কোনো এখন চৰকাৰেই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস- এনে এক শক্তিশালী মূলমন্ত্ৰ আগত ৰাখি কাম কৰা দেখা নাছিলোঁ- অৰ্থাৎ সকলোৰে বিশ্বাসৰ যোগেদি সকলোকে উন্নয়নৰ যাত্ৰাত চামিল কৰি সৰ্বাংগীণ প্ৰগতিৰ দিশত আগুৱাই যোৱাৰ এক সবল নীতি। কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ এবছৰ সম্পূৰ্ণ হ’ল, ইয়াৰ লগতে অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰো চাৰিটা বছৰ সম্পূৰ্ণ হ’ল। বহু দিশত চৰকাৰে বহুতো কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে, বহু বাস্তৱায়িত হ’ল- কিছু আঁচনি ৰূপায়ণ হোৱাৰ দিশত। কিন্তু আমি বিশেষকৈ মন কৰিবলগীয়া কথাটো হ’ল- মূল্যবোধ। সৰ্বানন্দ সোণোৱালে প্ৰতিখন সভাতে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ কথা সজোৰে উল্লেখ কৰা দেখা যায়- যাৰ অন্তৰালত এক গভীৰ অৰ্থ লুকাই আছে যে- সংঘাত নহয়, সমন্বয়ৰ মাজেৰেহে উন্নয়ন সম্ভৱ।
একাত্মমানৱতাবাদ-চৰকাৰখনৰ এটি উল্লেখযোগ্য মন্ত্ৰ, যাৰ জৰিয়তে সাঙুৰি লোৱা হৈছে কৃষকৰ পৰা শ্ৰমিকলৈ, মহিলা শক্তিৰ পৰা যুৱ শক্তিলৈ, আত্মনিৰ্ভৰশীলতাৰ পৰা আন্তঃগাঁথনি নিৰ্মাণলৈ। বিভিন্ন উন্নয়নমূলক পদক্ষেপেৰে সমাজৰ সকলো স্তৰৰ সৰ্বসাধাৰণ লোককে এইখন চৰকাৰে সামৰি লোৱা পৰিলক্ষিত হৈছে। গঠনমূলক দৃষ্টিভংগীৰে চৰকাৰখনৰ প্ৰতি কিছু সফলতা-কিছু কৰিবলগীয়াখিনি আঙুলিয়াই দিয়াটো আমাৰ কৰ্তব্য। য’ত একাত্মবোধৰ কথা থাকে, তাত প্ৰগতিৰ গূঢ়াৰ্থও নিহিত হৈ থাকে। বিভিন্ন প্ৰত্যাহ্বান নেওচি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখনত প্ৰতিফলিত হৈছে অসমৰ সকলো শ্ৰেণীৰ লোকৰ সমান্তৰাল বিকাশেৰে আগুৱাই যোৱাৰ এক নিৰৱচ্ছিন্ন প্ৰচেষ্টা। এই আশাসুধীয়া প্ৰচেষ্টাই অসমৰ উন্নয়নৰ গতি ত্বৰাণ্বিত কৰি তুলিছে। এজন সাধাৰণ নাগৰিক হিচাপে আমি অনুভৱ কৰিছোঁ- এই মূল্যবোধৰ আধাৰতে চৰকাৰখনে ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কাম কৰি যাব।