সংগঠন বিৰোধী কাৰ্যকলাপ! ম্যানমাৰৰ শিৱিৰত মৃত্যুদণ্ডৰ শাস্তি আলফা (স্বা)ৰ দুই কেডাৰ লাচিত হাজৰিকা আৰু বৰ্ণালীক…

209

নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ দলৰ দুজন জ্যেষ্ঠ সদস্যক সংগঠন বিৰোধী কাৰ্যকলাপ চলোৱাৰ অভিযোগত মৃত্যুদণ্ড প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

আলফা-স্বাধীনৰ শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ চেলিম অসমক যোৱা ২০ ছেপ্টেম্বৰত হাচি শিবিৰৰ ম্যানমাৰৰ ছাগাইন অঞ্চলত মৃত্যুদণ্ড বিহাৰ বিপৰীতে তিনিচুকীয়াৰ বক্সাৰ তথা নিষিদ্ধ সংগঠনটোৰ সদস্য বৰ্ণালীকো সশস্ত্ৰ উগ্ৰপন্থী সংগঠনটোৱে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি চেলিম অসম আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ ঘনিষ্ঠ আছিল আৰু তেওঁ ১৯৯০ চনত এই সংগঠনটোত যোগদান কৰিছিল। আনহাতে বৰ্ণালীয়ে ২০২১ চনত এই নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছিল।

উল্লেখযোগ্য যে, ২০২৩ চনৰ ১ অক্টোবৰৰ বিয়লি অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে সংগতি ৰাখি অসম ৰাইফলছৰ খোংছা বেটেলিয়নে আৰম্ভ কৰা এক উল্লেখযোগ্য অভিযানত আলফা স্বাধীনৰ স্বঘোষিত নেতা নিলোৎপল অসম ওৰফে মনজিত গগৈ আৰু উপেন অসম নামৰ দুজন সক্ৰিয় কেডাৰক অস্ত্ৰ শস্ত্ৰসহ টিৰাপ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আলফা কেডাৰ দুজনক চলোৱা জেৰাৰ সময়ত তেওঁলোকে লাচিত হাজৰিকা আৰু বৰ্ণালীক মৃত্যুদণ্ডৰ শাস্তি বিহাৰ কথা প্ৰকাশ কৰে।