সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ সময়ত এটা ফ্লাডলাইটৰ বিসংগতি সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে এপিডিচিএলে।
বিষয়টো সন্দৰ্ভত এপিডিচিএলে দোষাৰোপ কৰিছে অসম ক্ৰিকেট সন্থাৰ ওপৰত।
তেওঁলোকে কয়, ‘ফ্লাডলাইটৰ বিজুতিৰ সন্দৰ্ভত বিদ্যুৎ বিভাগৰ পৰা কোনো দোষ নাছিল। গোটেই মেচখনতে এটা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান বজাই ৰখা হৈছিল।”
তেওঁলোকে লগতে কয়, “এচিএৰ অধীনত থকা চাৰ্কিটটোৰ কোনো আভ্যন্তৰীণ ত্ৰুটিৰ বাবে লাইটবোৰ কেইমিনিটমানৰ বাবে অকাৰ্য্যকৰী হৈ আছিল।”
উল্লেখযোগ্য যে দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ খেলত বিদ্যুৎ যোগানত কিছু ব্যাঘাত জন্মাৰ বাবে এটা লাইট টাৱাৰ বন্ধ হৈ পৰাত বাধাগ্ৰস্ত হয়।
ষ্টেডিয়ামৰ এটা ফ্লাডলাইট নুমাই যোৱাৰ বাবে দ্বিতীয়বাৰৰ বাবে মেচখন অলপ সময়ৰ বাবে বন্ধ কৰিবলৈ বাধ্য হয়।
