উত্তৰ গুৱাহাটীৰ শৰাইঘাট দলঙৰ তলত শনিবাৰে উদ্ধাৰ হয় এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ।
প্ৰাণহীন মৃতদেহটো প্ৰথমে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু লগে লগে কৰ্তৃপক্ষক খবৰ দিয়ে।
পিছত জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উদ্ধাৰ কৰে।
সূত্ৰই জনোৱা মতে, দলঙৰ ওপৰৰ পৰা চলন্ত ৰে’লৰ পৰা ঠেলি দিয়া হৈছিল লোকজনক।
মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
