শ্ৰীলংকাৰ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিৰ বাসগৃহৰ সন্মুখত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ এদিন পিছতে ৰাষ্ট্ৰপতিয়ে নিৰাপত্তা বাহিনীক ব্যাপক ক্ষমতা প্ৰদান কৰি শুক্ৰবাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে কঠোৰ আইন প্ৰণয়নৰ দ্বাৰা সামৰিক বাহিনীক সন্দেহজনক লোকসকলক বিচাৰ নোহোৱাকৈ দীঘলীয়া সময়ৰ বাবে গ্ৰেপ্তাৰ আৰু আটক কৰাৰ অনুমতি প্রদান কৰে।
ৰাষ্ট্ৰপতিয়ে ঘোষণাত কয়, “ৰাজহুৱা শৃংখলাৰ সুৰক্ষা আৰু সমাজ জীৱনৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা ৰক্ষণাবেক্ষণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।”
শেহতীয়াকৈ ৰাষ্ট্ৰখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ অভাৱৰ ফলত মূল্য বৃদ্ধিৰ পৰিস্থিতিৰ উদ্ভৱ হয়। আনকি দিনটোৰ অধিক সময় লোডশ্বেডিঙৰো সন্মুখীন হয় সধাৰণ জনতা।
