শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বাঘবৰত প্ৰতিবাদ…

70

শ্বহীদক ‘ঘাতক’ আখ্যা দি গ্ৰেপ্তাৰ হোৱা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে বাঘবৰত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ৰাইজে। বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি শ্বেৰমান আলীক শীঘ্ৰে মুক্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

ইফালে প্ৰতিবাদৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাল জগদীশ মুখীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। চক্ৰ বিষয়াগৰাকীয়ে স্মাৰক পত্ৰখন বৰপেটা জিলা উপায়ুক্তক প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক ৷