শ্বপিং মলত ফটো শ্বুটত বাধা পিতৃ-মাতৃৰ! নতুন বছৰৰ পহিলা দিনটোতে আত্মহনন এগৰাকী যুৱতীৰ

308

ফটো তুলি বিশ্ববাসীৰ লগত শ্বেয়াৰ কৰাটো নতুন প্ৰজন্মৰ অন্যতম আবেগ। কিন্তু এই ফটোশ্বুটৰে বাটত হেঙাৰ হৈ থিয় হ’ল পিতৃ-মাতৃ। নতুন বছৰৰ পহিলা দিনটোত শ্বপিং মলত ফটো উঠিব বিচাৰিছিল এগৰাকী তৰুণীয়ে। কিন্তু পিতৃ-মাতৃয়ে বাধা দিয়াৰ বাবেই অভিমানত আত্মহননৰ দৰে পথ বাচি ল’লে যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ সুধামনগৰ অঞ্চলত।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম হৈছে বৰ্ষিনী। ২১ বছৰীয়া যুৱতীগৰাকী আছিল বাংগালুৰৰ এখন মহাবিদ্যালয়ৰ স্নাতকৰ ছাত্ৰী। অধ্যয়নৰ লগতে ফটোগ্ৰাফীৰো প্ৰশিক্ষণো লৈছিল যুৱতীগৰাকীয়ে। তেওঁ নতুন বছৰত শ্বপিং মলত ফটো শ্বুট কৰাৰ সিদ্ধান্ত লৈছিল যদিও অভিভাৱকে আপত্তি ব্যক্ত কৰে। এই বিষয়ক লৈ পিতৃ-মাতৃৰ সৈতে কিছু সময় কথাৰ কটাকটি হোৱাৰ পিছত নিজৰ কোঠালৈ যায় বৰ্ষিনী। কিন্তু বহু সময় তৰুণীগৰাকী কোঠাৰ পৰা ওলাই নহাত সন্দেহবশতঃ পৰিয়ালৰ লোকে কোঠাৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰে আৰু বৰ্ষিনীৰ নিথৰ দেহ উদ্ধাৰ কৰে।

অৱশ্যে কোঠাৰ পৰা কোনো ধৰণৰ ছুইচাইড নোট উদ্ধাৰ কৰা নাই পৰিয়াল অথবা আৰক্ষীয়ে। ফটো শ্বুট কৰিবলৈ পিতৃ-মাতৃয়ে বাধা দিয়াৰ বাবেই যুৱতীগৰাকীয়ে আত্মহনন কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে বৰ্ষিনীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে।