শোৱাপাটীতে মাতৃক ডিঙি চেপি হত্যা মদাহী পুত্ৰৰ

71

শোৱাপাটীতে মাতৃক ডিঙি চেপি হত্যা কৰিলে মদাহী পুত্ৰই। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাৰ ধেমাজি গাঁৱত। পুত্ৰৰ হাতত মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ নাম সাধনী শইকীয়া। ইফালে নিজেই হত্যাৰ কথা স্বীকাৰ কৰা পাষাণ যুৱকজনৰ নাম পল্লৱ শইকীয়া বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অইন দিনাৰ দৰে বৃহস্পতিবাৰে নিশাও মাতৃ-পুত্ৰ একেটা কোঠাতে শুইছিল। কিন্তু নিচাসক্ত পুত্ৰ পল্লৱে শুকুৰবাৰে পুৱা পিতৃৰ সন্মুখত মাতৃক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তাৰ পিছতে ঘৰখনত হুৱা দুৱা লগে। লগে লগে ৰহা আৰক্ষী উপস্থিত হৈ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, অত্যাধিক মাদক দ্ৰব্য সেৱনৰ ফলত মানসিক সন্তুলন হেৰুৱাই পেলাইছিল পল্লৱ শইকীয়াই। তাৰ পৰিণতিতে মাতৃক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে।

ৰহাৰ ধেমাজী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হ’ এক নৃশংস হত্যাকাণ্ড । শোৱাপাটীতে নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই । নিহত মহিলা গৰাকীৰ নাম সাধনী শইকীয়া । হত্যাকাৰী পুত্ৰৰ নাম পল্লৱ শইকীয়া ।

জানিব পৰা মতে, অন্য দিনাৰ দৰে বৃহস্পতিবাৰে নিশা মাতৃ-পুত্ৰ একেটা কোঠাতে শুইছিল । পিতৃ শুইছিল বেলেগ কোঠাত । শুক্ৰবাৰে পুৱতি নিশা পল্লৱ কোঠাৰ পৰা ওলাই আহি মাকক হত্যা কৰাৰ কথা পিতৃক জনায় । লগে লগে ঘৰখনত হুৱা দুৱা লাগে আৰু ৰহা আৰক্ষীক খবৰ দিয়া হয় । পুৱা ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পুত্ৰক আটক কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে পল্লৱ আছিল নিচাসক্ত যুৱক । মাদক দ্ৰৱ্য সেৱনৰ ফলত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল পল্লৱে । কিন্তু কি কাৰণে নিজ মাতৃক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও অত্যাধিক নিচাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে ।