শোণিতপুৰত এনএলএফবিৰ ৬ কেডাৰৰ আত্মসমৰ্পণ

89
File Photo

বুধবাৰে শোণিতপুৰ জিলাত নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনএলএফবি) ৬ জন কেডাৰে আত্মসমৰ্পণ কৰে।

আৰক্ষীৰ মতে, অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ওচৰৰ চাৰিদুৱাৰ অঞ্চলত প্ৰায় ১২ জনীয়া সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকা বুলি খবৰ লাভ কৰা হৈছিল।

ইয়াৰ পিছতে ১ এপ্ৰিলত ভালুকপং চহৰৰ ১২ মাইল অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত দুজন সন্ত্ৰাসবাদী আহত হয়।

আনহাতে অঞ্চলটোত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাত অৱশেষত আত্মগোপন কৰি থকা ৬ জন এনএলএফবি কেডাৰে আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে, ২০২০ চনৰ জানুৱাৰীত বড়ো চুক্তি স্বাক্ষৰ কৰাৰ পিছত বৃহৎ সংখ্যক নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড (এনডিএফবি) উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছিল। আনহাতে আনসকলে এনএলএফবি গঠন কৰি নতুন সশস্ত্ৰ পথ বিচাৰি লৈছিল।