শোণিতপুৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান…

237

শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৱৰ্তী চৰ-চাপৰি অঞ্চলত মঙলবাৰে ৫০ খন এক্সকেভেটৰ, আৰু প্ৰায় ৩০ খন ট্ৰেক্টৰৰ সৈতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হয়।

শোণিতপুৰ জিলা প্ৰশাসনে দাবী কৰা মতে, সমীপৱৰ্তী বহু চৰকাৰী মাটি বেদখল কৰি এতিয়া অবৈধভাৱে ব্যৱহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বৃহস্পতিবাৰলৈকে চলিব।

বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ২৫০০টা ঘৰ, মছজিদ, অকৰ্তৃত্বশীল বিদ্যালয়ে ১৯০০ হেক্টৰৰো অধিক মাটি বেদখল কৰি আছে।