শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ মহিলাৰ কৰুণ মৃত্যু

219

ডিজিটেল ডেস্কঃ এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৭ গৰাকী মহিলাই।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিদাৰ জিলাৰ চিত্তগুপ্পা তালুকৰ এখন গাঁৱত।

জানিব পৰা মতে, শ্ৰমিক মহিলা কেইগৰাকীয়ে শুকুৰবাৰে সন্ধিয়া অটো ৰিক্সাৰে কামৰ পৰা উভতি অহাৰ সময়তে
বেমালাখেদা চৰকাৰী বিদ্যালয়ৰ সমীপত ট্ৰাক আৰু অটো ৰিক্সাখনৰ মুখামুখি সংঘৰ্ষ হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত ৭ গৰাকী মহিলাৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১১ গৰাকী গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত নিহত মহিলা কেইগৰাকীৰ পৰিচয় পাৰ্বতী (৪০), প্ৰভাৱতী (৩৬), গুণ্ডম্মা (৬০), যাদম্মা (৪০), জগম্মা (৩৪) ঈশ্বৰম্মা (৫৫) আৰু ৰুক্মিণী বাই (৬০) বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে। আহত সকলৰ দুগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।