শোকাবহ! বন্ধুৰ ঘৰৰ পাৰ্টিৰ পৰা ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ৩ যুৱকৰ…

287

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা কেৰালাৰ আলাপ্পুজাৰ আৰুৰত এখন মটৰ চাইকেলে পিছফালৰ পৰা এখন ৰৈ থকা স্কুল বাছত খুন্দা মৰাৰ ফলত বাইক আৰোহী তিনিজন যুৱকৰ মৃত্যু ঘটে।

নিহত যুৱক কেইজনৰ নাম কে.ভি. অভিজিত (২৩), বিজয় ভাৰ্গেজ (২১) আৰু এলভিন (২১) বুলি জানিব পৰা গৈছে।

বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টিৰ পৰা বাইকেৰে উভতি অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ৰ কেলট্ৰন জংচনৰ ওচৰত পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হয়।

পুৱা দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত যুৱক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।