শোকাবহ! পথ ডিভাইডাৰত শুই থকা ৬ জনক মহতিয়াই নিলে ট্ৰাকে, ৪ জনৰ মৃত্যু

82

উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত বুধবাৰে পুৱাৰ ভাগত ৰোড ডিভাইডাৰত শুই থকা চাৰিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। ইয়াৰে দুজনৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে পুৱা ১:৫১ বজাত ডিটিচি ডিপোৰ ট্ৰেফিক চিগনেল পাৰ হৈ ডিএলএফ টি-পইণ্টৰ ফালে গৈ থকা এখন ট্ৰাকে ৰোড ডিভাইডাৰত শুই থকা ৬জন লোকক মহতিয়াই নিয়ে এখন ট্ৰাকে। চালকজনে খৰখেদাকৈ আৰু গাফিলতিৰে গাড়ী চলাইছিল বুলি উপ আৰক্ষী আয়ুক্ত (শ্বাহদৰা) আৰ সত্যসুন্দৰামে জানিবলৈ দিয়ে।

দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৪জনক ততাতৈয়াকৈ জিটিবি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত চাৰিজনৰ ভিতৰত এজনক মৃত ঘোষণা কৰা হৈছে আৰু আন এজনৰ চিকিৎসাৰ সময়ত মৃত্যু হোৱা বুলি ডিচিপিয়ে জনায়।

আৰক্ষীয়ে জনোৱা মতে, মৃত লোক কেইজন হৈছে নিউ সীমাপুৰীৰ বাসিন্দা কৰিম (৫২), ছোট্টে খান (২৫), শ্বাহ আলম (৩৮) আৰু উত্তৰ প্ৰদেশৰ চাহিবাবাদৰ শলিমাৰ গাৰ্ডেনৰ বাসিন্দা ৰাহুল (৪৫)।

আহত কেইজন উত্তৰ প্ৰদেশৰ চাহিবাবাদৰ মনিষ (১৬) আৰু তাহিৰপুৰৰ বাসিন্দা প্ৰদীপ (৩০) বুলি জানিব পৰা গৈছে।

অপৰাধী বাহনখন আৰু ইয়াৰ চালকৰ সন্ধান উলিয়াবলৈ কেইবাটাও দল গঠন কৰা হৈছে। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।