শোকাবহ! দুখল ল’ৰীৰ সংঘৰ্ষৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড, ৫ জনৰ মৃত্যু

235

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাত এখন তীব্ৰবেগী ল’ৰীয়ে ৰোড ডিভাইডাৰৰ ওপৰেৰে জপিয়াই বিপৰীত দিশে অহা আন এখন ল’ৰীত খুন্দা মাৰে।

বৃহস্পতিবাৰে মাজনিশা প্ৰতিপাডুত সংঘটিত হয় এই দুৰ্ঘটনা।

সংঘৰ্ষৰ ফলত এখন লৰীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ল’ৰী দুখন চালক আৰু এজন চাফাই কৰ্মী থিতাতে জ্বলি ছাই হৈ মৃত্যুমুখত পৰে।

আন এজন ব্যক্তিয়ে চিকিৎসাধীন অৱস্থাত চিকিৎসালয়ত জ্বলি ছাই হৈ মৃত্যুবৰণ কৰে বুলি আৰক্ষীয়ে লগতে জনায়।

অতিমাত্ৰা গতিবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

অধিক তদন্ত চলি আছে।