শোকাবহ! ওড়িশাত বাছ-ট্ৰাকৰ সংঘৰ্ষত ৭ শ্ৰমিকৰ মৃত্যু, আহত ১৩ জন

211

ওড়িশাৰ ঝাৰসুগুডা-সম্বলপুৰ বিজু এক্সপ্ৰেছৱে’ত শুকুৰবাৰে নিশা এখন হাইভা ট্ৰাকে এখন বাছত খুন্দা মৰাৰ ফলত ৭ জন শ্ৰমিক নিহত হয়। এই দুৰ্ঘটনাত আন কেইবাজনো আহত হোৱাৰ বিপৰীতে ১৩ জন লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকেইজনকে সম্বলপুৰৰ বুৰ্লা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

খবৰ অনুসৰি, বাছখনে ঠেলকুলিৰ জে এছ ডব্লিউ প্লাণ্টৰ পৰা ঝাৰসুগুডালৈ ৬০ জনৰো অধিক শ্ৰমিক কঢ়িয়াই নিয়াৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। সৰবাহলৰ সমীপত পিছফালৰ পৰা কয়লা ভৰ্তি ট্ৰাক এখন আহি দুটা গৰু খুন্দা মৰাৰ পিছত ৰোড ডিভাইডাৰৰ ওপৰেৰে জপিয়াই বাছখনত খুন্দা মাৰে।

কেইবাজনো স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ঝাৰসুগুডা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোৰ সন্দৰ্ভত ঝাৰসুগুডা এছডিপিঅ’ নিৰ্মলা মোহাপাত্ৰই কয় যে, “জে এছ ডব্লিউ প্লাণ্টৰ কৰ্মচাৰীয়ে বাছখনত উঠিছিল। ট্ৰাকখনে বাছখনত খুন্দা মাৰে, য’ত ১৫ জন লোক আহত হয়। ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত লোকসকলক চিকিৎসাধীন হৈ আছে।”

ইপিনে, ঝাৰসুগুডাৰ কালেক্টৰ সৰোজ সমলে শোক প্ৰকাশ কৰে এই মৰ্মান্তিক ঘটনাক লৈ। তেওঁ কয়, “ট্ৰাক চালকজনৰ দায়িত্বহীনভাৱে গাড়ী চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰায় ১৮ জনক প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়াৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৬ জনক ভিমছাৰলৈ স্থানান্তৰ কৰা হৈছে আৰু ৪ জন ডি এইচ এইচত চিকিৎসাধীন হৈ আছে।’’

তদুপৰি আহত সকলে বিনামূলীয়া চিকিৎসা লাভ কৰাৰ লগতে চিকিৎসাৰ সকলো ব্যয় জিলা প্ৰশাসনে বহন কৰিব বুলিও উপায়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, “আহত সকলৰ সৰ্বোত্তম চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা কৰা হ’ব। তেওঁলোকৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ এটা দল নিযুক্তি দিয়া হৈছে আৰু প্ৰয়োজন অনুসৰি চিকিৎসাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।”