নিউজ ডেস্কঃ পুৱতি নিশা নিদ্ৰাৰত অৱস্থাত এটা এপাৰ্টমেণ্টত সংঘটিত ভয়কংৰ অগ্নিকাণ্ডত মৃত্যু ঘটে কমেও ৭ জনৰ। এই শোকাবহ ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ ইন্দোৰৰ স্বৰ্ণবাগ কলনীত।
জানিব পৰা মতে, স্বৰ্ণবাগ কলনীৰ এটা দুমহলীয়া এপাৰ্টমেণ্টত শনিবাৰে পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ড। এপাৰ্টমেণ্টৰ অধিকাংশ লোক শুই থকা সময়তে সংঘটিত অগ্নিকাণ্ডত এক আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাস্থলীত লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ এপাৰ্টমেণ্টৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা চলায়।
উদ্ধাৰকাৰী দলে ৭ জনৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ৯ জনক জীৱন্তে উদ্ধাৰ কৰে। ইফালে প্ৰায় ৩ ঘণ্টা আপ্ৰাণ প্ৰচেষ্টাৰ ফলত এপাৰ্টমেণ্টৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।
ইন্দোৰৰ আৰক্ষী আয়ুক্ত হৰিনাৰায়ণ চাৰি মিশ্ৰাই প্ৰকাশ কৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অগ্নিকাণ্ডৰ আঁৰত কোনো লোক জড়িত আছে নেকি সেয়া তদন্ত কৰি আছে।
ভয়ংকৰ অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সা-সম্পত্তিও ভষ্মীভূত হয় বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে।
ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটযোগে এই অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।11:42 AM
