শীঘ্ৰে মাস্কমুক্ত হব আমেৰিকা যুক্তৰাষ্ট্ৰঃ জ’ বাইডেন

129

২০২০ বৰ্ষৰ বিশ্বৰ ভিতৰত আটাইতলৈ অধিক কোৰোনাক্ৰান্তৰ দেশ হিচাপে পৰিগণিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। কিন্তু চলিত বৰ্ষত লাহে লাহে ৰাষ্ট্ৰখনৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ আওতালৈ আহিছে আৰু কোভিড সংক্ৰমণৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। এনে পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰ শীঘ্ৰে কোৰোনা মুক্ত হৈ পৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে ৰাষ্ট্ৰপতি জ’ বাইডেনে।

ৰাষ্ট্ৰপতিৰ এক বিবৃত্তিত এই কথা কোৱা হৈছে যে আমেৰিকাৰ নাগৰিকে কোৰোনাৰ ভেকচিনৰ দুটা ড’জ গ্ৰহণ কৰাৰ পিছত আৰু মাস্ক পিন্ধাৰ প্ৰয়োজন নাই। এবছৰৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ পিছত এতিয়া মাস্ক মুক্ত হোৱাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ।