শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল কোৰোনাত আক্ৰান্ত হৈছে। দেওবাৰে স্বাস্থ্য পৰীক্ষাত উপায়ুক্তগৰাকীৰ দেহত ধৰা পৰে কোভিডৰ সংক্ৰমণ।
আনহাতে উপায়ুক্ত গৰাকীৰ পত্নী আৰু ভাতৃও কোৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। তিনিওজনকে বৰ্তমান হোম কোৱাৰাণ্টইনত ৰখা হৈছে।
উপায়ুক্ত মেঘনিধি দহালে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।
