শিৱসাগৰৰ ৰাজপথত পুনৰ জ্বলিল টায়াৰ

273

শিৱসাগৰৰ ৰাজপথত পুনৰ জ্বলিল টায়াৰ

আজি ৬ জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত অসম বন্ধ ছয় জনগোষ্ঠীয় যৌথ মঞ্চ।

অসমৰ বন্ধৰ প্ৰভাৱ বৰ্তমান লৈকে শিৱসাগৰত সৰ্বাত্মক।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধ ।

শিৱসাগৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন বন্ধ সমৰ্থকৰ।

শিৱসাগৰৰ দৰিকাপাৰ, জয়সাগৰ ,ভটিয়াপাৰ , ৰংঘৰ চাৰিআলি,চেৰেকাপাৰকে ধৰি বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত সংগঠন কেইটাই।

হয় ছয় জনগোষ্ঠীৰ যৌথ মঞ্চই আহ্বান জনোৱা ১২ ঘন্টিয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপ পৰিলক্ষিত হোৱা দেখা গৈছে ।

জিলাখনৰ দোকান – পোহাৰ, চৰকাৰী,বে-চৰকাৰী, স্কুল, কলেজ সকলো বন্ধ হৈ পৰিছে। বন্ধৰ প্ৰভাৱে জন জীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে । কেইখনমান ব্যক্তিগত বাহনৰ বাদে চৰকাৰী যান-বাহন সকলো বন্ধ হৈ পৰে।

বৰ্তমান মূহুৰ্তলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই সকলো প্ৰান্ততে আৰক্ষী সষ্টম হৈ আছে।
কোচ ৰাজবংশী, মৰাণ ,মটক , চুতীয়া, চাহ জনগোষ্ঠী আৰু আহোম এই ছয় জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনা কৰি হাৰ অভিযোগ সংগঠনকেইটাৰ ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰেও এই ছয় জনগোষ্ঠীৰ দীৰ্ঘ দিনীয়া দাবীক সহাঁৰি নজনালে ইয়াকে লৈ ক্ষোভিত ছয় জনগোষ্ঠীয়ে আজি ১২ ঘন্টিয়া অসম বন্ধ আহ্বান জনায়।