সোমবাৰে পুৱা শিৱসাগৰ জিলাত ৰহস্যজনক পৰিস্থিতিত ২৫টা শগুন মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গোৰকুশ অঞ্চলৰ এখন পথাৰত স্থানীয় ৰাইজে শগুনৰ মৃতদেহ কেইটা প্ৰত্যক্ষ কৰাৰ পিছত বন কৰ্তৃপক্ষক অৱগত কৰে।
জানিব পৰা মতে, আন ৮ টা শগুণৰ অৱস্থাও বৰ্তমান সংকটজনক।
সন্দেহ কৰা হৈছে যে স্থানৰ পৰা কেইমিটাৰমান দূৰত উদ্ধাৰ হোৱা গৰুৰ মৃতদেহ খাই শগুন কেইটা অসুস্থ হৈ পৰে।
পিছত বন বিভাগৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ এতিয়াও জীয়াই থকা আঠটা শগুনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।
