শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল

97

শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল

শিৱসাগৰ বিধায়ক অখিল গগৈৰ সংবাদ মেল ।
এই সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

অসম আৰু মেঘালয় সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক গৰাকীৰ

চৰকাৰৰ ভূমিকা অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰে কেৱল অসম আৰক্ষীৰ ওপৰত দোষ জাপি শুই আছে

এছ পি জনক কিয় বদলি কৰা হ’ল, অ’চি জনক কিয় নিলম্বন কৰাৰ কাৰণ কি চৰকাৰে স্পষ্ট কৰক এই মন্তব্য প্ৰদান কৰে অখিল গগৈয়ে।

অসমৰ মূখ্যমন্ত্ৰী এই পৰ্যন্ত ঘটনাস্থলিলৈ যোৱা নাই, কোনো কেবিনেট মন্ত্ৰী যোৱা নাই যোৱা বুলি সমালোচনা।
হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱা মূখ্যমন্ত্ৰী জনে ঘটনাস্থলিলৈ যাবলৈ আহৰি পোৱা নাই।

দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰক। সংবাদমেলত দাবী অখিল গগৈৰ।

মূখ্যমন্ত্ৰী গুজৰাটৰ নিৰ্বাচনকলৈ ব্যস্ত । দিল্লীৰ ওচৰত তেওঁ নটনাজুন । দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিবৰ্তে অসম আৰক্ষীৰ ওপৰত গুণ্ডাগিৰি কৰিছে মূখ্যমন্ত্ৰীয়ে ।

অসমত ড° হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে । সকলো মন্ত্ৰী বিধায়কক ধানবনা মাৰি হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু বেলেগ ৰাজ্যৰ পৰা অসমত আহি তাণ্ডব কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে নীৰৱ।

শিৱসাগৰৰ বিহুবৰত নগা আৰক্ষীয়ে অসমৰ ভূমিত থকা দোকান উচ্ছেদ কৰাকলৈয়ো প্ৰতিক্ৰিয়া অখিল গগৈৰ।

অখিল গগৈৰ প্ৰশ্ন —
দানবীৰ দৰে মূখ্যমন্ত্ৰী জনে অসমৰ ভূমি মেঘালয়, নাগালেণ্ড মিজোৰামক এৰি দিয়াৰ পিছতো সীমান্তত হিংসা হ্ৰাস কৰিব পৰা নাই কিয় ?

অসমত দিনে দিনে বাঢ়িছে হিংসাত্মক ঘটনা। গুৱাহাটীত দিন দুপৰতে পূৰৱী ডায়েৰীৰ কৰ্মচাৰীক গুলিয়াই হত্যা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক জনৰ ।

আইন, শান্তি শৃংখলা ৰক্ষা কৰিব নোৱাৰা ড° হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰক। এই দাবী অখিল গগৈৰ।

মেঘালয়ত থকা অসমৰ মানুহক কেন্দ্ৰৰ সৈতে আলোচনা কৰি নিৰাপত্তা প্ৰদানৰো দাবী।

আনহাতে বীৰ লাচিত বৰফুকনৰ গৰিমা সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ লোৱা কাৰ্য আদৰণীয় যদিও বিজেপি আৰ এছ এছে হিন্দু বীৰ সজাব বিচৰা বুলি সমালোচনা বিধায়ক গৰাকীৰ।