এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই গ’ল কাছাৰ জিলাৰ শিলচৰ।
ৰাজপথতে এটি ৭ বছৰীয়া কণমানিক হানি খুচি হত্যা পাষণ্ডৰ।
শিশুটিৰ মাতৃকো আক্ৰমণ যুৱকজনৰ।
এই লোমহৰ্ষক কাণ্ড সংঘটিত হয় শনিবাৰে দুপৰীয়া প্ৰায় আঢ়ৈ বজাত।
শিলচৰ চহৰৰ পানীতাকনি অঞ্চলত এটুকুৰা মাটিক লৈ দীৰ্ঘদিনৰে পৰা চলি অহা বিবাদৰ বাবে এই কাণ্ড সংঘটিত কৰে যুৱকজনে।
৩০ বছৰীয়া যুৱক জনে পুত্ৰ আৰু মাতৃক ছুৰিৰে আক্ৰমণ কৰে। ৰাজপথতে দুয়োৰে মাজত বাক বিতণ্ডা হয়। আৰু তাৰ পিছত যুৱক জনে ছুৰিৰে আক্ৰমণ কৰে।
অভিযুক্তজনে প্ৰথমতে মাকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।
মহিলা গৰাকীক হাতত ছুৰিখনেৰে আক্ৰমণ কৰে যুৱক জন পলাবলৈ ধৰে।
কিন্তু মাকৰ পিছফালে থকা শিশুটিক দেখি যুৱক জনে শিশুটিক পিছফালৰ পৰা ছুৰিৰে আক্ৰমণ কৰে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু মাতৃ পুত্ৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।
য’ত চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে।
