গুৱাহাটীঃ কাছাৰ জিলাত দেওবাৰে আৰক্ষীৰ গুলীত আহত মষ্ট ৱাণ্টেড এজন গাড়ী চোৰ।
জিলাখনৰ শিলচৰৰ গোপালগঞ্জত সংঘটিত হৈছে এই ঘটনা।
সূত্ৰ অনুসৰি অভিযুক্তজনক আফজল হুছেইন ওৰফে লাল বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ জিলাখনৰ আটাইতকৈ বিচৰা ‘গাড়ী চোৰ’ হিচাপে পৰিগণিত হৈছে।
সূত্ৰই জনোৱা মতে, অভিযুক্তই এজন আৰক্ষী কনিষ্টবলক ছুৰীৰে আঘাত কৰি জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ পিছতে আৰক্ষীয়ে গুলীচালনা কৰে।
এই আক্ৰমণৰ ফলত আহত হয় অনোৱাৰ হুছেইন নামৰ এজন আৰক্ষী জোৱান।
ঘটনাৰ পিছতে গাড়ী চোৰজনৰ লগতে আহত কনিষ্টবলজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।
বিষয়াগৰাকীয়ে কয় যে আফজলৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে আৰু বিগত কেইবামাহো ধৰি তেওঁ পলাতক হৈ আছে।
