শাম কটা নাই মণিপুৰৰ অশান্ত পৰিস্থিতিৰ। পুনৰ উত্তপ্ত চূড়াচান্দপুৰ সীমান্ত। কুকি সংগঠনৰ বিৰুদ্ধে সৰৱ মেইটেই সংগঠন। মেইটেই নাগৰিক সমাজৰ সমদলক লৈ অশান্ত চূড়াচান্দপুৰ। সীমান্তৰ লামকাত সংগঠনটোৰ বিশাল সমদল। সমদলক বাধা দিবলৈ সমৰসজ্জা নিৰাপত্তাৰক্ষীৰ। সমদলক বাধা দিবলৈ বেৰিকেডসহ বৈদ্যুতিক বেহুৰো ব্যৱস্থা। নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ সমদলকাৰীৰ। সমদলকাৰীৰ আক্ৰমণত আহত সাংবাদিক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ।
