শহুৰৰ ঘৰলৈ যাবলৈ গাড়ী বিচাৰিলে অনুৰাগীয়ে, উত্তৰত চনু ছুডে ক’লে…

65

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত ৰিয়েল হিৰ’ হৈ পৰা চনু ছুডে এতিয়াও অব্যাহত ৰাখিছে তেওঁৰ অভিযান। লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা লাখ লাখ শ্ৰমিকক স্বগৃহলৈ উভতাই পঠিওৱা চনু ছুডে অভাৱগ্ৰস্ত সকলৰ কাষতো থিয় দি আহিছে। এইগৰাকী প্ৰকৃত নায়ক এতিয়া দেশবাসীৰ নয়নৰ মণি। বিভিন্নজনে তেওঁৰ সৈতে যোগাযোগ কৰি সহায় বিচাৰে এতিয়াও। শেহতীয়াকৈ অভিনেতাজনৰ পৰা এটা সহায় বিচাৰি ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’বলগা হৈছে এজন ব্যক্তি। তেওঁ শহুৰৰ ঘৰলৈ যাবলৈ চনু ছুডৰ পৰা বিচাৰিছিল গাড়ী।

টুইটাৰত ব্যক্তিজনে চনু ছুডক উদ্দেশ্যি লিখিছে, ‘ছাৰ, মই শহুৰৰ ঘৰলৈ যাব বিচাৰিছো, এসপ্তাহৰ বাবে এখন গাড়ীৰ ব্য়ৱস্থা কৰি দিয়ক। আচলতে মোৰ পত্নীয়ে তেওঁৰ ককা-আইতাকক দেখা কৰিব বিচাৰে। আপুনি এসপ্তাহৰ বাবে গাড়ীখনৰ ব্যৱস্থা কৰি দিয়ক। মই নিজেই গাড়ী চলাই যাম।’

অনুৰাগীৰ এনে অদ্ভূত অনুৰোধৰ উত্তৰো দিছে চনু ছুডে। টুইটাৰত চনুই লিখিছে- ‘আপুনি কিয় গাড়ী চলাব লাগে? মই চলাম। অনুগ্ৰহ কৰি মাথো মোক এয়া কওক যে আপোনাৰ কোনখন গাড়ী পচন্দৰ আৰু আপোনাৰ বাবে গাড়ীৰ এচি কিমান টেম্পাৰেছাৰত মই ৰাখিব লাগিব?’

অভিনেতাজনৰ এনে ৰসিক প্ৰত্যুত্তৰে এতিয়া তেওঁৰ অনুৰাগী আৰু নেটিজনসকলক বৰ আমোদ দিছে। চনু ছুডৰ পৰা শহুৰেকৰ ঘৰলৈ যাবলৈ গাড়ী বিচৰা বিশেষ অনুৰাগীজনক এতিয়া সমালোচনাৰে থকাসৰকাও কৰিছে বিভিন্নজনে।